মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Welfare of Scheduled Castes and Backward Classes

বিশেষ কেন্দ্ৰীয় সাহাৰ্য

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ৰাজ্যলৈ অনুসুচীত জাতিৰ বাবে বিশেষ উপাদান পৰিকল্পনাৰ প্ৰতি অতিৰিক্ত হিচাপে বিশেষ কেন্দ্ৰীয় সাহাৰ্য্য প্ৰদান কৰে যাৰ জৰিয়তে অনুসুচীত জাতিৰ লোকৰ বৃত্তিগত পদ্ধতিৰ বিকাশ ঘটাই আৰু লগতে তেওঁলোকৰ উত্পাদন ক্ষমতা বৃদ্ধি কৰি সীমিত সম্পদৰ সৈতে উপাৰ্জন বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে। এছ.চি.এ.ৰ অধীনত অনুয়ূচীত জাতি অধ্যুষিত এলেকা সমূহত পৰিয়াল কেন্দ্ৰীক উপাৰ্জন সৃষ্টি আঁচনি(এফ.ও.আই.জি.) আৰু আন্তঃগাঠনী উন্নয়ন আঁচনি সমূহ ৰূপায়ন কৰা হয়।

এছ.চি.এছ.পি.ৰ প্ৰতি ব্যৱহাৰ কৰা বিশেষ কেন্দ্ৰীয় সাহাৰ্য্যৰ বিষয়ে অসম ৰাজ্যক প্ৰদৰ্শন কৰা বিৱৰণী তলত উল্লেখ কৰা হল:

বৰ্ষপ্ৰাৰম্ভিক জমাৰাশিভাৰত চৰকাৰে মুকলি কৰা বিশেষ কেন্দ্ৰীয় সাহাৰ্যৰাজ্য চৰকাৰৰ সৈতে উপলব্ধ মুঠ বিশেষ কেন্দ্ৰীয় সাহাৰ্যৰাজ্য চৰকাৰে সঞ্চালকালয়ক মূকলি কৰি দিয়া বিশেষ কেন্দ্ৰীয় সাহাৰ্যৰাজ্য চৰকাৰৰ সৈতে উপলব্ধ ব্যয় নকৰা ধনৰাশিমন্তব্য

২০০৮-০৯

৬৭৪.৯২

১০৮৯.০৪

১৭৬৩.৯৬

৭৫১.৫৫

১০১২.৪১

 

২০০৯-১০

১০১২.৪১

২৪৯.২২

১২৬১.৬৩

৯৬০.৩৬

৩০১.২৭

 

২০১০-১১

৩০১.২৭

৬৬২.৯৭

৯৪৬.২৪

২৬৫.০০

৬৯৯.২৪

 

২০১১-১২

৬৯৯.২৪

 

 

 

 

পুঁজি মুকলি কৰি দিবৰ বাবে চৰকাৰক ৬৫৬.১৯লাখ টকাৰ প্ৰস্তাৱ প্ৰদান

  • পৰিয়ালকেন্দ্ৰিক আয় বৃদ্ধিৰ আঁচনি
  • আন্তঃগাথনি উন্নয়ন আঁচনি

পৰিয়ালকেন্দ্ৰিক আয় বৃদ্ধিৰ আঁচনি:

বিশেষ কেন্দ্ৰীয় সাহাৰ্য্যৰ অধীনৰ এইখন কেন্দ্ৰীয় ক্ষেত্ৰৰ আঁচনি। এই আঁচনিখনৰ মুখ্য উদ্দেশ্য হৈছে অনুসূচীত জাতিৰ লোকসকললৈ আয় বৃদ্ধিৰ কৰিব পৰা যোজনাসমূহ প্ৰদান কৰি দুখীয়া অনুসূচীত জাতিৰ লোকসকলৰ অৰ্থনৈতিক উন্নয়ন ত্বৰাম্বিত কৰা।

২০০৮-০৯ ৰ পৰা ২০১১-১২ ৰ বিত্তীয় বৰ্ষৰ সময়ত আঁচনিখনৰ আবণ্টন ব্যয় আৰু সাফল্য তলত উল্লেখ কৰা ধৰণৰ:

ক্ৰ. নং.বৰ্ষআবণ্টন(লাখৰ হিচাপত)ব্যয়(লাখৰ হিচাপত)সাফল্য(পৰিয়ালৰ সংখ্যা)মন্তব্য

২০০৮-০৯

২০০০.০০

৬৯০.৫৫

১০৩২৩

১. পান দোকান-১৬০ খন

২.হাঁহপাম- ৫৪০ খন

৩. ছাগলীপাম- ৫৪০ খন

৪. গেলামাল- ৫৪০ খন

৫. দুগ্ধপাম-৪১৯ খন

৬. মীনপালন- ৫৪০ খন

৭. হস্ততাঁত- ৪৮০ খন

৮. নগদ অনুদান- ৩২১৯ সংখ্যক

৯. অনুদান(বি.টি.এ.ডি.)-৪৯৮ সংখ্যক

২০০৯-১০

২০০০.০০

৮৯৫.০৯

১৭৯৫৪

১. টেক্টৰ- ৫ টা আত্মসহায়ক গোটক

২. পাৱাৰ টিলাৰ- ৬৪ টা আত্মসহায়ক গোটক

৩. স্প্ৰে মেছিন- ৩৯৭৮ টা

৪.কপাহী সূতা-৫২৮৭

৫. অনুদান(নগদ)- ৬০০ জনক

৬. এচ.চি. পৰিসীমিতৰ বাবে এ.এছ.ডি.চি.- ৬৭৬৬ সংখ্যক

২০১০-১১

২০০০.০০

২৪৩.০০

৪৩৫০

১. অনুদান(নগদ)- ১৯৯১ সংখ্যক

২. পানৰ দোকান- ৫০০ খন

৩. হাঁহপাম- ৫০০ খন

৪. ছাগলীপাম- ৫০০ খন

৫. গেলামাল- ৪৯১ খন

৬. অনুদান(বি.টি.এ.ডি.)- ৩৬৮ সংখ্যক ইউ.চি. দাখিল পত্ৰ নং. DSC/Misc/৪৯৫/২০০৩/১১৫ দিনাংক ১৬/৩/২০১১ আৰু DSC/Misc/৪৯৫/২০০৩/১৩২ দিনাংক ১৬/৯/২০১১

২০১১-১২

২০০০.০০

 

 

আবণ্টিত ৬৬২.৯৭ লাখ টকাৰ বিপৰীতে ৬,০৩,৮৫,৮০০ কোটি টকাৰ প্ৰস্তাৱ দাখিল কৰা হৈছে।

আন্তঃগাথনি উন্নয়ন আঁচনি:

বিশেষ কেন্দ্ৰীয় সাহাৰ্য্য পুঁজিৰ অধীনত ই এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি। এই আঁচনিৰ মূল লক্ষ্য হৈছে যে অনুসূচীত জাতি অধ্যুষিত অঞ্চলত আন্তঃগাঠনিৰ সৃষ্টিৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা। আঁচনিখনত নিৰ্মাণ/গাওঁ সংযোজিত পথৰ পুনঃনিৰ্মাণ/ শৈক্ষিক প্ৰতিষ্ঠান/ ৰাজহুৱা খণ্ডৰ কাৰ্য্যালয় গৃহ নিৰ্মাণ/ গাঁৱলীয়া উদ্যোগৰ বিকাশ ইত্যাদি অন্তৰ্ভূক্ত।