অনুসূচীত জাতিৰ কল্যাণৰ সঞ্চালকালয়ে বহু অৰ্থ-সামাজিক আঁচনি অনুসূচীত জাতি কল্যাণৰ অৰ্থে ৰূপায়ন কৰিছে। সঞ্চালকালয়ে চৰকাৰক নিৰ্দ্ধাৰিত অনুসূচীত জাতিৰ লোকসকলৰ প্ৰয়োজনীয়তাৰ মধ্যস্থতাকাৰী হিচাপে সুবিধা প্ৰদান কৰে আৰু সমসাময়িকভাৱে ইয়াৰ বিভিন্ন মহকুমা কল্যাণ কাৰ্য্যালয়সমূহৰ সহযোগিতাত চৰকাৰৰ দ্বাৰা মঞ্জুৰীপ্ৰাপ্ত যিকোনো অনুদান বিতৰণ/ৰূপায়ন কৰে।