অনুসূচীত জাতি কল্যাণ সঞ্চালকালয়, অসম ১৯৮৯ চনত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ অধীনত স্থাপিত হৈছিল। অনুসূচীত জাতি কল্যাণ সঞ্চালকালয় প্ৰতিষ্ঠাৰ পিছত ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ পৰা এই সঞ্চালকালয়লৈ আঁচনিসমূহ হস্তান্তৰ কৰা হয়। এই সঞ্চালকালয়ে বহু অৰ্থ-সামাজিক আঁচনি অনুসূচীত জাতি কল্যাণ সঞ্চালকালয়ৰ অৰ্থে ৰূপায়ন কৰিছে। সঞ্চালকালয়ৰ মুৰব্বী এজন জ্যেষ্ঠ পৰ্য্যায়ৰ অসম অসামৰিক সেৱা বিষয়া। লগত এজন উপ সঞ্চালক, এজন গৱেষণা বিষয়া, এজন সহকাৰী গৱেষণা বিষয়া, দুজন গৱেষণা সহকাৰী, এজন অধীক্ষক, এজন গাণনিক আৰু অন্যান্য সহকাৰীসকল থাকে। যিহেতু এই সঞ্চালকালয়ৰ জিলা আঅৰু মহকুমা পৰ্য্যায়ত কোনো কাৰ্য্যালয় নাই গতিকে আঁচনিসমূহ মহকুমা কল্যাণ বিষয়াৰ দ্বাৰা মহকুমা অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ নিৰ্দ্দেশাৱলীৰ অধীনত ৰূপায়ন কৰা হয়। মহকুমা অনুসূচীত জাতি উন্নয়ন বোৰ্ড অসমৰ ভৈয়াম জিলাৰ প্ৰতিটো মহকুমাত আছে আৰু ই মহকুমা কল্যাণ কাৰ্যালয়সমূহৰ সৈতে সংলগ্ন যাতে উন্নয়ন বিভাগৰ এছ.চি.এছ.পি. আঁচনিসমূহ ৰূপায়ন কৰিব পাৰে আৰু লগতে মহকুমা উন্নয়ন খণ্ডই ৰূপায়ন কৰা আঁচনিসমূহৰ ধাৰা পৰ্য্যবেক্ষণ কৰিব পাৰে। প্ৰাক-মেট্ৰিক বৃত্তি আৰু সাহাৰ্য অনুদান আঁচনি আৰু পৰিয়াল কেন্দ্ৰিক আয় বৃদ্ধি আঁচনিসমূহ মহকুমা কল্যাণ বিষয়াৰ দ্বাৰা ৰূপায়ন কৰা আৰু আনহাতে পোষ্ট-মেট্ৰিক বৃত্তিসমূহ বিতৰণ কৰা হয় প্ৰকল্প সঞ্চালক, আই.টি.ডি.পি.ৰ দ্বাৰা। প্ৰকল্প সঞ্চালক আৰু মহকুমা কল্যাণ বিষয়াসকলক ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ প্ৰশাসনীক নিয়ন্ত্ৰণাধীন।