অসম ৰাজ্যিক উন্নয়ন নিগম ১৯৭৫ চনত এচ.চি. পৰিসীমিতৰ বাবে স্থাপন কৰা হৈছিল। অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনত অনুসূচীত জাতিৰ জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়নৰ ধাৰা ত্বৰাম্বিত কৰা এই নিগমৰ উদ্দেশ্য আছিল। আৰম্ভণিতে ১.০০ কোটি মূলধনৰ অনুমোদিত অংশৰে নিগমটো স্থাপন কৰা হৈছিল। পৰৱৰ্তীকালত অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ ৫১:৮৯ অনুপাতৰ অনুদানেৰে ই বাঢ়ি ১০.০০ কোটি টকা হয়গৈ। বৰ্তমান কিন্তু নিগমৰ অনুমোদিত অংশ ২০.০০ কোটি আৰু পৰিশোধিত ১০.১০ কোটিৰ আংশিক মূলধনৰ অনুদান ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে দিছে।
আৰম্ভণিতে নিগমে ইয়াৰ উন্নয়নৰ কাৰ্যকলাপসমূহ চৰকাৰী নিৰ্দ্দেশাৱলী অনুসৰি সমগ্ৰ ৰাজ্য জুৰি থকা ইয়াৰ ৮ টা শাখা কাৰ্য্যালয়ৰে আৰম্ভ কৰিছিল। পিছলৈ ইয়াৰ শাখা কাৰ্য্যালয় ২২ টালৈ বৃদ্ধি কৰা হয়।
ৰাজ্যৰ নিপীড়িত অনুসূচীত জাতিৰ লোকসকলৰ সাহাৰ্যৰ নীতিৰে সৈতে নিগমে সময়ে সময়ে বিভিন্ন আঁচনি চৰকাৰৰ নিৰ্দ্দেশাৱলী অনুসৰি ৰূপায়ন কৰি আহিছে। অনুসূচীত জাতিৰ লোকসকলৰ উন্নতিৰ বাবে চৰাকৰে ৰূপায়ন কৰা কেইটামান গুৰুত্বপূৰ্ণ আঁচনি হৈছে-১. ডি.আৰ.আই. আঁচনি, ২. প্ৰত্যক্ষ ঋণ আঁচনি, ৩. পাৰ্শ্ব ধন আঁচনি, ৪. পৰিয়ালকেন্দ্ৰিক আয় বৃদ্ধি আঁচনি, ৫. এন.এছ.এল.আৰ. আঁচনি, ৬. এছ.আৰ.এম.এছ. আঁচনি, ৭. চাফাই কৰ্মচাৰী আৰু জামাদাৰসকলৰ বাবে আৱাসিক এলেকা। তাৰোপৰি নিগমে নতুন দিল্লীৰ এন.এছ.এফ.ডি.চি.ৰ পৰা ১২.১৮ কোটি টকাৰ ঋণ ৰাজ্যৰ অনুসূচীত জাতিৰ শিক্ষিত নিবনুৱা যুৱকসকলৰ ক্ষেত্ৰতো একেধৰণৰ সাহাৰ্য্য প্ৰদানৰ লক্ষ্যৰে কিছুমান আঁচনি যেনে- টাটা চুমু, মাৰুতি ভেন, মিনি বাছ, মিনি ট্ৰাক, ফটোষ্টেট মেছিন ইত্যাদিৰে ৰূপায়ন কৰাত ভূমিকা লৈছিল। সকলো মিলি ৬০৯ জন হিতাধিকাৰী এই আঁচনিৰ অন্তৰ্ভূক্ত হৈছে। একেদৰে নিগমে এন.এচ.কে.এপ.ডি.চি., নতুন দিল্লীৰ পৰাও ৬৫৯.১৬ লাখ টকাৰ ঋণ চাফাই কৰ্মচাৰী আৰু জামাদাৰসকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ কাৰণে আদায় কৰিছিল।
ইয়াৰ উপৰিও নিগমে এন.এছ.এফ.ডি.চি. আৰু এন.এচ.কে.এপ.ডি.চি., নতুন দিল্লীৰ সহযোগত অনুসূচীত জাতিৰ লগতে চাফাই কৰ্মচাৰী আৰু জামাদাৰসকলক দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা লৈছিল।
যদিও নিগম কোম্পানী আইন, ১৯৫৬ৰ অধীনত পঞ্জীয়নভূক্ত তাথাপিও কোনো লাভ অৰ্জন অবিহনেই যিকোনো লাভজনক আঁচনি ৰূপায়নৰ দ্বাৰা বিভিন্ন কল্যাণ খণ্ডৰ আঁচনি ৰূপায়নৰ যোগেদি অনুসূচীত জাতিৰ লোকসকলৰ সেৱাত নিগম অৰ্পিত। ইয়াৰ ফলস্বৰূপে, নিগমৰ কাৰ্য্যকলাপৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি অসম চৰকাৰৰ লোক উদ্যম বিভাগে নিগমক নিজা আয় বিহীন কল্যাণ খণ্ডৰ সংস্থা হিচাপে শ্ৰেণীকৰণ কৰিছে।
অসম চৰকাৰে ২০০৬-০৭ বৰ্ষৰ পৰাই প্ৰয়োজনুসাৰে ৰাজ্যিক ৰাজ্যিক পৰিকল্পনা বাৰ্ষিক বাজেট পুঁজিৰ দ্বাৰা নিগমৰ কৰ্মচাৰীলৈ দৰমহা প্ৰদান কৰি আহিছে।