অনুসূচীত জাতি কল্যাণ সঞ্চালকালয়, অসম ৰাজ্যিক পৰিকল্পনাৰ অধীনত ৰূপায়িত আঁচনিসমূহ
প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অধ্যয়নৰত প্ৰাক হাইস্কুল শিক্ষান্ত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীলৈ চৰকাৰে ধাৰ্য্য কৰা নিয়ম অনুসৰি বৃত্তি প্ৰদান কৰা হয়। যিবোৰ শিক্ষাৰ্থীৰ অভিভাৱকৰ বাৰ্ষিক আয় ১৮০০০/- তকৈ বেছি নহয় আৰু ৪০% পাবলৈ সক্ষম বা শেষতীয়া বাৰ্ষিক পৰীক্ষাত অধিক নম্বৰ পাবলৈ সক্ষম হোৱা সকলক অগ্ৰাধিকাৰ দিয়া হয়। বৃত্তিৰ ধনৰাশি মহকুমা কল্যাণ বিষয়াৰ দ্বাৰা বিতৰণ কৰা হয়।
জলপানিৰ হাৰ
চৰকাৰে বাৰ্ষিক আয়ৰ সীমা ১.০০ লাখলৈ আৰু জলপানিৰ হাৰ প্ৰতি মাহে ক্ৰমান্বয়ে ৩০০ টকা আৰু ৪৮০ টকাকৈ বৃদ্ধি কৰাৰ চৰ্চা কৰিছে। কম সময়ৰ ভিতৰতে ইয়াৰ অনুমোদনৰ আশা কৰা হৈছে।
এই আঁচনিৰ লক্ষ্য ভেন্সাৰ পৰ্য্যায়ত থকা শৈক্ষিক প্ৰতিষ্ঠানসমূহলৈ সাহাৰ্য্য আগবঢ়োৱা। অনুসূচীত জাতি অধ্যুসিত অঞ্চলসমূহত অৱস্থিত শিক্ষা অনুষ্ঠানসমূহক এই অনুদানৰ বাবে নিৰ্বাচন কৰা হয়। আঁচনিসমূহ মহকুমা কল্যাণ বিষয়াৰ দ্বাৰা কাৰ্য্যকৰী কৰা হয়। এই আঁচনিৰ অধীমৰ অনুদানসমূহ বিদ্যালয়ৰ আচবাব ইত্যাদি বনোৱা/নৱীকৰণ/অধিক্ৰয়ৰ কাৰণে দিয়া হয়। বৰ্তমান এই সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু এম ই বিদ্যালয়ৰ বাবে ৫০,০০০ টকা আৰু উচ্চ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ বাবে ১.০০ লাখৰ অনুদান আগবঢ়াইছে।
ই এক ৰাজ্যিক পৰিকল্পনা আঁচনি। অসমৰ বিভিন্ন আই.টি.আই.ত ভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীলৈ চৰকাৰী নিয়ম আৰু প্ৰক্ৰিয়া অনুযায়ী জলপানি দিয়া হয়। শিক্ষানুষ্ঠানৰ খালী আসনৰ ৭% অনুসূচীত জাতিৰ প্ৰশিক্ষাৰ্থীক ভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদানৰ বাবে সংৰক্ষিত। প্ৰাক-মেট্ৰিক প্ৰশিক্ষাৰ্থীলৈ ৮০ টকা প্ৰতি মাহে আৰু মেট্ৰিকোত্তৰ প্ৰশিক্ষাৰ্থীলৈ ১২৫ টকা প্ৰতি মাহে জলপানি প্ৰদান কৰা হয়।
সাংস্কৃতিক ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি আৰু অনুসূচীত ছাত্ৰ-ছাত্ৰীয়ে যাতে শিক্ষামূলক ভ্ৰমণৰ জৰিয়তে জ্ঞান আহৰণ কৰিব পাৰে সেয়াই আঁচনিখনৰ উদ্দেশ্য। আঁচনিখন মহকুমা কল্যাণ বিষয়াৰ দ্বাৰাকাৰ্য্যকৰী কৰা হয় আৰু মহকুমা উন্নয়ন পৰিষদে হিতাধিকাৰীসকলক নিৰ্বাচন কৰে।
এই আঁচনিৰ উদ্দেশ্য হৈছে সমাজত জাত-পাতৰ সমতা স্থাপন কৰা। প্ৰতি গৰাকী বিবাহিত যুটী আৰু তেওঁলোকৰ অভিভাৱকলৈ ১০,০০০ টকাৰ নগদ ধন দিয়া হয় যদিহে বিবাহ সাধাৰণ আৰু অনুসূচীত জাতিৰ মাজত সম্পন্ন হয়।
এই আঁচনিৰ অধীনত নিবনুৱা অনুসূচীত জাতিৰ যুৱকসকলক পঞ্জীয়নযুক্ত মান সম্পন্ন ৰাজ্যৰ শিক্ষানুষ্ঠানত কম্পিউটাৰৰ প্ৰশিক্ষণ দিয়া হয়।
এই আঁচনিৰ উদ্দেশ্য হৈছে বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনসমূহক সহায় প্ৰদান কৰা যিসকলে অনুসূচীত জাতিৰ জনসাধাৰণৰ মানসম্পন্ন জীৱনযাত্ৰাৰ মান উন্নয়নৰ লক্ষ্যৰে মানৱীয় আৰু সামজিক কাম কৰিছে।
এই আঁচনিৰ অধীনত নিবনুৱা অনুসূচীত যুৱক-যুৱতীসকলক কম্পিউটাৰৰ প্ৰশিক্ষণ/ডি.এম.এল.টি/নাৰ্চিং/গাড়ী চলোৱা/ফিজিউথেৰাপী ইত্যাদিৰ সুবিধা প্ৰদান কৰা হয়।
এই আঁচনিৰ লক্ষ্য হৈছে নিবনুৱা অনুসূচীত জাতিৰ মহিলাক তেওঁলোকৰ আত্ম নিয়োগৰ বাবে মানসম্পন্ন পঞ্জীকৃত প্ৰতিষ্ঠানৰ পৰা বিভিন্ন ব্যৱসায় যেনে কাটিং আৰু চিলাই, বিউটিচিয়ানৰ পাঠ্যক্ৰম, খাদ্য সংৰক্ষণ, ফৰ্ট অফিচ প্ৰৱন্ধন ইত্যাদিত প্ৰশিক্ষণ প্ৰদান কৰা।
এইটো হৈছে ৰাজ্যিক পৰিকল্পনা আঁচনি। এই আঁচনিৰ অধীনত অনুসূচীত জাতি অধ্যুসিত এলেকাসমূহত সমূদায় প্ৰেক্ষাগৃহ/বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে অনুদান প্ৰদান কৰা হয়। ২০০৯-১০ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ এই আঁচনিসমূহ ৰূপায়ন কৰা হৈছে।
এইটো হৈছে ৰাজ্যিক পৰিকল্পনা আঁচনি। টি.বি./কেন্সাৰ আৰু অন্যান্য দুৰাৰোগ্য বেমাৰত আক্ৰান্ত ৰোগীলৈ ১০,০০০টকা(কেন্সাৰ, হৃদ ৰোগ, কিডনীৰ বেমাৰ ইত্যাদি)ৰ অনুদান আৰু টি. বি. ৰোগীলৈ ৫,০০০ টকাৰ অনুদান ৰোগীৰ অৱস্থাৰ গম্ভীৰতা অনুসৰি প্ৰদান কৰা হয়।
দুখীয়া মেধাৱী অনুসূচীত জাতিৰ ছাত্ৰীৰ কাৰণে এইটো এটা নতুন আঁচনি। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুৱাব পৰা মেধাৱী ছাত্ৰীলৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। যোৱা পৰিষদৰ পৰীক্ষাত ৬০ শতাংশ বা তাতোতকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰীক এই আৰ্থিক উদ্দীপনা প্ৰদান কৰা হয়।
এই আঁচনিৰ অধীনত অনুসূচীত জাতিৰ নিবনুৱা যুৱকসকলৰ আত্ম নিয়োজনৰ কাৰণে বিশেষ উন্নয়নৰ কাৰ্য্যসূচী ৰূপায়ন আৰু অনুসূচীত জাতিৰ সম্প্ৰদায়ৰ লোকসকল বসতি কৰা এলেকাসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰা।
অসমৰ সকলো জিলা/মহকুমা মুখ্য কাৰ্য্যালয়ত ড. আম্বেদকাৰ ভৱনৰ নিৰ্মাণৰ লগতে অনুসূচীত জাতিৰ লোকৰ বাবে আলোচনা গৃহ আৰু অতিথিশালাৰ সুবিধাযুক্ত এইটো এটা নতুন আঁচনি।
এই সঞ্চালকালয়ৰ পৰা সফলতাৰে কম্পিউটাৰৰ প্ৰশিক্ষণ সম্পন্ন কৰা অনুসূচীত জাতিৰ প্ৰশিক্ষাৰ্থীসকললৈ কম্পিউটাৰৰ চেট প্ৰদান কৰাৰ কাৰণে ২০১০-১১ বৰ্ষত সঞ্চালকালয়ে গ্ৰহণ কৰা এইটো এটা নতুন আঁচনি।